টেনিছ কেৰিয়াৰত কিমান টকা উপাৰ্জন কৰিছে ৰাফেল নাদালে?

0 137

ৰাফেল নাদালে দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়ান অপেন জয় কৰাৰ পিছত দেওবাৰে তেওঁৰ ২১ সংখ্যক একক গ্ৰেণ্ড শ্লেম জয় কৰে। ৩৫ বছৰীয়া খেলুৱৈজনে এতিয়ালৈকে ৯০টা একক খিতাপ আৰু ১১টা দ্বৈত খিতাপ জয় কৰিছে। ২০২২ চনত, তেওঁ দুটা একক খিতাপ জিকিছে আৰু ২,১৫৮,৫২০ ডলাৰ পুৰস্কাৰ লাভ কৰিছে। সামগ্ৰিকভাৱে, নাদালে তেওঁৰ কেৰিয়াৰত ১২৭,১২১,৩৮৫ ডলাৰ পুৰস্কাৰ হিচাপে লাভ কৰিছে।

নাদালে ১৫ বছৰ বয়সৰ পৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে আৰু ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন বা চমুকৈ আইটিএফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহতেই তেওঁ ৰেম’ন ডেলগেড’ক পৰাজিত কৰি প্ৰথমখন এটিপি মেটচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিঙত তেওঁৰ স্থান আছিল ৭৬২।

Leave A Reply

Your email address will not be published.