ঘৰৰ ল’ৰা ঘৰলৈ, চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰক

অৱশেষত চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰ মিৰাম টাৰণক। চীনৰ সামৰিক বাহিনী PLAই আজি হস্তান্তৰ কৰে কিশোৰজনক। ১৮ জানুৱাৰীত অপহৃত হৈছিল কিশোৰটি। মিৰাম টাৰণ নামৰ কিশোৰজনক সীমান্তৰ পৰা কৰায়ত্ত কৰিছিল PLA-এ। আজি অৰুণাচল সীমান্তত সেনাক চমজাই দিয়ে মিৰাম টাৰণক। বৰ্তমান চিকিত্সা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। NKTVক জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১৮ জানুৱাৰীত অপহৃৰণৰ পিছতে ১৯ জানুৱাৰীত টুইটাৰযোগে অৱগত কৰিছিল অৰুণাচল পূবৰ সাংসদ টাপিৰ গাৱে। চৰকাৰৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়েও। ভাৰত চৰকাৰে মুকলি কৰিবলৈ দাবী জনোৱাৰ পিছতে চীনৰ সঁহাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...