শ্ৰীভূমিলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

শ্ৰীভূমি অসমৰ এখন সীমামূৰীয়া জিলা। এফালে যদি আছে বাংলাদেশ সীমান্ত। আন কেওফালে আছে ৰাজ্যিক সীমান্ত যথাক্ৰমে ত্ৰিপুৰা, মিজোৰাম। ৰাজধানী চহৰ দিছপুৰৰ পৰা কৰিমগঞ্জৰ দূৰত্ব প্ৰায় ৩১৪ কিলোমিটাৰ। বাছ, ট্ৰেইন আনকি বিমানযোগে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শ্ৰীভূমিলৈ সহজে আহিব পৰা যায়।

পৰ্যটকৰ বাবে শ্ৰীভূমি জিলাত আছে কেইবাখনো আকৰ্ষণীয় ঠাই:

১) শনবিল : শ্ৰীভূমিত পৰ্যটকৰ বাবে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে শনবিল। এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয়ৰ প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকল আহে।

No photo description available.

বিশেষকৈ ফটোগ্ৰাফী কৰা সকলৰ অন্যতম পছন্দৰ ঠাই হৈছে শনবিল। সন্ধিয়াৰ ভাগত শনবিলৰ পাৰৰ পৰা সূৰ্যাস্তৰ দৃশ্য মনোৰম। আনহাতে বনভোজ প্ৰেমীৰ বাবেও শনবিল হৈছে অন্যতম পছন্দৰ ঠাই।

No photo description available.

২) কুশিয়াৰা নৈ : এই নৈৰ পানীয়ে নিৰ্ধাৰণ কৰে ভাৰত বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত। চহৰ সংলগ্ন কালিবাৰী ৰোডস্থিত প্ৰতিমা নিৰঞ্জন ঘাটৰ পৰা চুবুৰীয়া দেশ বাংলাদেশ এবাৰ নাচালে শ্ৰীভূমি ভ্ৰমণ যেন আধৰুৱা।

৩) আন্তৰ্জাতিক সীমান্ত : বিগত কিছু বছৰ ধৰি ভাৰত-পাকিস্তানৰ ৱাঘা সীমান্তৰ দৰে গণৰাজ্য দিৱসৰ দিনা সুতাৰকান্দিতো আৰম্ভ হৈছে ভাৰত-বাংলাদেশৰ মাজত বিশেষ অনুষ্ঠানৰ। বিশেষকৈ আন্তৰ্জাতিক সীমান্ত সুতাৰকান্দিৰ পৰা বাংলাদেশ খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পৰা যায়। সেয়েহে পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থান হৈছে ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দি এলেকা।

৪) মালেগড় টিলা : ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত পঞ্চাশৰো অধিক যোদ্ধাই নিজৰ প্ৰাণ উত্সৰ্গা কৰিছিল ঐতিহাসিক মালেগড় টিলাত। ভাৰত স্বাধীন হোৱাৰ পূৰ্বে এই স্থান আছিল বৰ্তমান বাংলাদেশৰ ছিলেট জিলাৰ অংশ। আৰু এই স্থানত মহান শ্বহীদ সকলৰ স্মৃতিসৌধ আজিও বিদ্যমান। সেয়েহে ঐতিহাসিক এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে।

৫) বদৰপুৰঘাটৰ ঐতিহাসিক দূৰ্গ : বৰাক নৈৰ পাৰত ব্ৰিটিছে নিৰ্মাণ কৰা এই দূৰ্গ হৈছে শ্ৰীভূমি জিলাখনৰ পৰ্যটনৰ বাবে আন এক আকৰ্ষণীয় ঠাই। 

৬) আকবৰপুৰ কৃষি গৱেষনা কেন্দ্ৰ :  ভাৰত চৰকাৰে উন্নত মানদণ্ডৰ শস্য উত্পাদনৰ লক্ষ্যৰে স্থাপন কৰিছিল কৃষি গৱেষণা কেন্দ্ৰ। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই ঠাই।

৭) চাহ বাগিছা : শ্ৰীভূমি জিলাখনত কেইবাখনো আকৰ্ষণীয় চাহ বাগিছা আছে, আছে পাহাৰীয়া ওখ ঠাই, যি সমূহে পৰ্যটক সকলক যথেষ্ট আকৰ্ষিত কৰে।

শ্ৰীভূমি জিলাত আছে বহু ঐতিহাসিক মঠ-মন্দিৰ। ভক্তপ্ৰাণ ৰাইজৰ বাবে এই মঠ মন্দিৰ সমূহেও জিলাখনৰ প্ৰতি বহুতকে আকৰ্ষিত কৰে। শ্ৰীভূমিত নৈশ যাপন কৰিবলৈও আছে কেইবাখনো অত্যাধুনিক হোটেল।  

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...