আধাৰ কাৰ্ডখন নকল নহয়তো? কিদৰে জানিব আপোনাৰ আধাৰ আচল নে নকল ?

আধাৰ কাৰ্ডক লৈ প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে। UIDAIৰ মতে যিকোনো ১২টা ডিজিটৰ সংখ্যা আধাৰ নম্বৰ নহয়। UIDAIৰ জাৰি কৰিছে সতৰ্কতা। আধাৰ কাৰ্ডখন আচল নে নকল জানিবৰ বাবে লগ-ইন কৰক UIDAIৰ ৱেবছাইটত। ইয়াৰ বাবে https://resident.uidai.gov.in/verify লিংকত লগ-ইন কৰক। ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এটি নতুন পেজ খোল খাব। ইয়াত এটা টেক্সট বক্স দেখা যাব য’ত নিজৰ আধাৰ নম্বৰ দিব লাগিব। আধাৰ নম্বৰ দিয়াৰ পাছত কেপচা কোড দিব লাগিব। তাৰ পাছত ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। আধাৰ নম্বৰ সঠিক হ’লে এটা নতুন পেজ খোল খাব। এই পেজটোত দেখা পাব আপোনাৰ আচল আধাৰ নম্বৰ। ইয়াৰ লগতে আপোনাৰ বয়স, লিংগ তথা ৰাজ্যৰ নাম দেখা পাব। আনহাতে, যদিহে আধাৰ সম্বন্ধীয় কোনো সমস্যা আছে, তেন্তে টোল ফ্ৰী 1947 নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। অন্যথা help@uidai.gov.inত ইমেইল কৰিও অভিযোগ জনাব পাৰিব। আধাৰ নম্বৰৰ বাবে mAadhaar এপটো সবিশেষ জানিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...