কৰিমগঞ্জলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

কৰিমগঞ্জ অসমৰ এখন সীমামূৰীয়া জিলা। এফালে যদি আছে বাংলাদেশ সীমান্ত। আন কেওফালে আছে ৰাজ্যিক সীমান্ত যথাক্ৰমে ত্ৰিপুৰা, মিজোৰাম। ৰাজধানী চহৰ দিছপুৰৰ পৰা কৰিমগঞ্জৰ দূৰত্ব প্ৰায় ৩১৪ কিলোমিটাৰ। বাছ, ট্ৰেইন আনকি বিমানযোগে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা কৰিমগঞ্জলৈ সহজে আহিব পৰা যায়।

পৰ্যটকৰ বাবে কৰিমগঞ্জ জিলাত আছে কেইবাখনো আকৰ্ষণীয় ঠাই:

১) শনবিল : কৰিমগঞ্জত পৰ্যটকৰ বাবে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে শনবিল। এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয়ৰ প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকল আহে।

No photo description available.

বিশেষকৈ ফটোগ্ৰাফী কৰা সকলৰ অন্যতম পছন্দৰ ঠাই হৈছে শনবিল। সন্ধিয়াৰ ভাগত শনবিলৰ পাৰৰ পৰা সূৰ্যাস্তৰ দৃশ্য মনোৰম। আনহাতে বনভোজ প্ৰেমীৰ বাবেও শনবিল হৈছে অন্যতম পছন্দৰ ঠাই।

No photo description available.

২) কুশিয়াৰা নৈ : এই নৈৰ পানীয়ে নিৰ্ধাৰণ কৰে ভাৰত বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত। চহৰ সংলগ্ন কালিবাৰী ৰোডস্থিত প্ৰতিমা নিৰঞ্জন ঘাটৰ পৰা চুবুৰীয়া দেশ বাংলাদেশ এবাৰ নাচালে কৰিমগঞ্জ ভ্ৰমণ যেন আধৰুৱা।

৩) আন্তৰ্জাতিক সীমান্ত : বিগত কিছু বছৰ ধৰি ভাৰত-পাকিস্তানৰ ৱাঘা সীমান্তৰ দৰে গণৰাজ্য দিৱসৰ দিনা সুতাৰকান্দিতো আৰম্ভ হৈছে ভাৰত-বাংলাদেশৰ মাজত বিশেষ অনুষ্ঠানৰ। বিশেষকৈ আন্তৰ্জাতিক সীমান্ত সুতাৰকান্দিৰ পৰা বাংলাদেশ খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পৰা যায়। সেয়েহে পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থান হৈছে ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দি এলেকা।

৪) মালেগড় টিলা : ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত পঞ্চাশৰো অধিক যোদ্ধাই নিজৰ প্ৰাণ উত্সৰ্গা কৰিছিল ঐতিহাসিক মালেগড় টিলাত। ভাৰত স্বাধীন হোৱাৰ পূৰ্বে এই স্থান আছিল বৰ্তমান বাংলাদেশৰ ছিলেট জিলাৰ অংশ। আৰু এই স্থানত মহান শ্বহীদ সকলৰ স্মৃতিসৌধ আজিও বিদ্যমান। সেয়েহে ঐতিহাসিক এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে।

৫) বদৰপুৰঘাটৰ ঐতিহাসিক দূৰ্গ : বৰাক নৈৰ পাৰত ব্ৰিটিছে নিৰ্মাণ কৰা এই দূৰ্গ হৈছে জিলাখনৰ পৰ্যটনৰ বাবে আন এক আকৰ্ষণীয় ঠাই। 

৬) আকবৰপুৰ কৃষি গৱেষনা কেন্দ্ৰ :  ভাৰত চৰকাৰে উন্নত মানদণ্ডৰ শস্য উত্পাদনৰ লক্ষ্যৰে স্থাপন কৰিছিল কৃষি গৱেষনা কেন্দ্ৰ। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই ঠাই।

৭) চাহ বাগিছা : জিলাখনত কেইবাখনো আকৰ্ষণীয় চাহ বাগিছা আছে, আছে পাহাৰীয়া ওখ ঠাই, যি সমূহে পৰ্যটক সকলক যথেষ্ট আকৰ্ষিত কৰে।

এই জিলাত আছে বহু ঐতিহাসিক মঠ-মন্দিৰ। ভক্তপ্ৰাণ ৰাইজৰ বাবে এই মঠ মন্দিৰ সমূহেও জিলাখনৰ প্ৰতি বহুতকে আকৰ্ষিত কৰে। কৰিমগঞ্জত নৈশ যাপন কৰিবলৈও আছে কেইবাখনো অত্যাধুনিক হোটেল।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...