১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট

৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন। ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব এইবাৰৰ বাজেট অধিৱেশন। ৩১ জানুৱাৰীত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ। ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২২–২০২৩ বৰ্ষৰ সাধাৰণ বাজেট। ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশনৰ প্ৰথমাৰ্ধ।

এমাহ বিৰতিৰ অন্তত ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী। ক’ভিড মহামাৰীৰ সংহাৰে বাজেট অধিৱেশনকলৈ সৃষ্টি কৰিছিল অনিশ্চয়তা। শেহতীয়াকৈ সংসদভৱনৰ ৪০০তকৈও অধিক কৰ্মচাৰী আক্ৰান্ত হৈছিল ক’ভিডত। উল্লেখ্য যে বিগত বৰ্ষত দেশৰ সাধাৰণ বাজেট আছিল ৩৪.৪ লাখ কোটি টকাৰ। ২০২২–২৩ বৰ্ষত দেশৰ সাধাৰণ বাজেট ৪০ লাখ কোটি টকালৈ বৃদ্ধিৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...