নাওমি ওচাকাৰ পৰা পিভি সিন্ধুলৈকে… সৰ্বাধিক উপাৰ্জনকাৰী মহিলা এথলীটৰ তালিকা

ফৰ্বছে প্ৰকাশ কৰা তালিকা অনুসৰি জাপানৰ চাৰিবাৰ গ্ৰেণ্ড শ্লেম টেনিছ চেম্পিয়ন নাওমি ওচাকা বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী মহিলা এথলীট। ওচাকাই যোৱা বছৰত ৫৭.৩ নিযুত ডলাৰ পুৰস্কাৰ আৰু অনুমোদন লাভ কৰিছিল, যাৰ প্ৰায় সকলোবোৰ এণ্ডোৰ্চমেণ্ট পৰ্টফলিঅ’ৰ পৰা আহিছিল যিয়ে যোৱা ডেৰ বছৰত ১০টাতকৈ অধিক ব্ৰেণ্ড অংশীদাৰকো সামৰি লৈছে।

সতীৰ্থ টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ (৪৫.৯ নিযুত) আৰু ভেনাস (১১.৩ নিযুত ডলাৰ) তালিকাৰ পৰৱৰ্তী স্থানত আছিল। আমেৰিকান জিমনাষ্ট চিমোন বাইলছ (১০.১ নিযুত ডলাৰ) আৰু স্পেনিছ টেনিছ খেলুৱৈ গাৰ্বিন মুগুৰুজাই (৮.৮ নিযুত ডলাৰ) শীৰ্ষ পাঁচটা স্থান দখল কৰে।

সামূহিকভাৱে, সৰ্বাধিক উপাৰ্জন কৰা ১০ গৰাকী মহিলা খেলুৱৈয়ে মুঠ $১৬৬.৬ নিযুত উপাৰ্জন কৰিছিল। ২০২০ চনৰ তালিকাতকৈ ২৩% বৃদ্ধি হৈছে এই উপাৰ্জন।

শীৰ্ষ ১০ত থকা আন খেলুৱৈ সকল ক্ৰমে, দক্ষিণ কোৰিয়াৰ গল্ফাৰ কো জিন-ইয়ং (৭.৫ নিযুত ডলাৰ), ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (৭.২ নিযুত ডলাৰ), বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ এছ বাৰ্টি (৬.৯ নিযুত ডলাৰ), গল্ফাৰ নেলী কোৰ্ডা (৫.৯ নিযুত ডলাৰ) আৰু বাস্কেটবল খেলুৱৈ কেণ্ডেছ পাৰ্কাৰ (৫.৭ নিযুত ডলাৰ)।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...

ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...