১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট

৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন। ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব এইবাৰৰ বাজেট অধিৱেশন। ৩১ জানুৱাৰীত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ। ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২২–২০২৩ বৰ্ষৰ সাধাৰণ বাজেট। ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশনৰ প্ৰথমাৰ্ধ।

এমাহ বিৰতিৰ অন্তত ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী। ক’ভিড মহামাৰীৰ সংহাৰে বাজেট অধিৱেশনকলৈ সৃষ্টি কৰিছিল অনিশ্চয়তা। শেহতীয়াকৈ সংসদভৱনৰ ৪০০তকৈও অধিক কৰ্মচাৰী আক্ৰান্ত হৈছিল ক’ভিডত। উল্লেখ্য যে বিগত বৰ্ষত দেশৰ সাধাৰণ বাজেট আছিল ৩৪.৪ লাখ কোটি টকাৰ। ২০২২–২৩ বৰ্ষত দেশৰ সাধাৰণ বাজেট ৪০ লাখ কোটি টকালৈ বৃদ্ধিৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...