নাওমি ওচাকাৰ পৰা পিভি সিন্ধুলৈকে… সৰ্বাধিক উপাৰ্জনকাৰী মহিলা এথলীটৰ তালিকা

ফৰ্বছে প্ৰকাশ কৰা তালিকা অনুসৰি জাপানৰ চাৰিবাৰ গ্ৰেণ্ড শ্লেম টেনিছ চেম্পিয়ন নাওমি ওচাকা বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী মহিলা এথলীট। ওচাকাই যোৱা বছৰত ৫৭.৩ নিযুত ডলাৰ পুৰস্কাৰ আৰু অনুমোদন লাভ কৰিছিল, যাৰ প্ৰায় সকলোবোৰ এণ্ডোৰ্চমেণ্ট পৰ্টফলিঅ’ৰ পৰা আহিছিল যিয়ে যোৱা ডেৰ বছৰত ১০টাতকৈ অধিক ব্ৰেণ্ড অংশীদাৰকো সামৰি লৈছে।

সতীৰ্থ টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ (৪৫.৯ নিযুত) আৰু ভেনাস (১১.৩ নিযুত ডলাৰ) তালিকাৰ পৰৱৰ্তী স্থানত আছিল। আমেৰিকান জিমনাষ্ট চিমোন বাইলছ (১০.১ নিযুত ডলাৰ) আৰু স্পেনিছ টেনিছ খেলুৱৈ গাৰ্বিন মুগুৰুজাই (৮.৮ নিযুত ডলাৰ) শীৰ্ষ পাঁচটা স্থান দখল কৰে।

সামূহিকভাৱে, সৰ্বাধিক উপাৰ্জন কৰা ১০ গৰাকী মহিলা খেলুৱৈয়ে মুঠ $১৬৬.৬ নিযুত উপাৰ্জন কৰিছিল। ২০২০ চনৰ তালিকাতকৈ ২৩% বৃদ্ধি হৈছে এই উপাৰ্জন।

শীৰ্ষ ১০ত থকা আন খেলুৱৈ সকল ক্ৰমে, দক্ষিণ কোৰিয়াৰ গল্ফাৰ কো জিন-ইয়ং (৭.৫ নিযুত ডলাৰ), ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (৭.২ নিযুত ডলাৰ), বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ এছ বাৰ্টি (৬.৯ নিযুত ডলাৰ), গল্ফাৰ নেলী কোৰ্ডা (৫.৯ নিযুত ডলাৰ) আৰু বাস্কেটবল খেলুৱৈ কেণ্ডেছ পাৰ্কাৰ (৫.৭ নিযুত ডলাৰ)।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...