আজি উৰুকা! ভোগালী আদৰিবলৈ অসমবাসী সাজু

ভোগালী মানেই হ’ল ভোগ আৰু আনন্দৰ সমাহাৰ! আজি ভোগালী বিহুৰ উৰুকা। এই উৰুকাত এসাঁজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত পুৱাই দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ।

মহানগৰীৰ উজান বজাৰত মাছ কিনিবলৈ ওলাই আহিছে গ্ৰাহক। যাৰ ফলত ৰাতিপুৱাৰে পৰা উজান বজাৰত পৰিলক্ষিত হৈছে গ্ৰাহকৰ ভিৰ।

হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। চহা খেতিয়কে কৃষি কৰ্মৰ অন্তত সোণগুটি লখিমী চপাই ভঁৰালত ভৰোৱাৰ পিছত এতিয়া লগে ভাগে খোৱাৰ সময়। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চলিছে ভোগালীৰ প্ৰস্তুতি। নিশাৰ উৰুকাৰ আয়োজনৰ বাবে ব্যস্ত ৰাইজ। বজাৰসমূহতো উজান উঠিছে ডাঙৰ ডাঙৰ মাছৰ। ৰাজ্যৰ প্ৰতিখন বজাৰতেই ৰৌ, ভকুৱা, চিতল, কান্ধুলি। এই মাছেৰে নিশা মেজি ঘৰত এসাঁজ খাবৰ বাবে টঙালি বান্ধিছে অসমীয়াই।

কৰ’ণা মহামাৰীৰ মাজতো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে ভোগালী বিহুৰ ব্যাপক আয়োজন। উৰুকা বুলি লগ হৈ সকলোৱে তৃপ্তিৰে এসাঁজ খাব আৰু কাইলৈ দোমাহীৰ দিনাই জ্বলাব মেজি।

NKTVৰ তৰফৰ পৰাও সমূহ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই...

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ...

ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ...

গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত এগৰাকী খেলুৱৈ। সেই খেলুৱৈগৰাকীয়ে ঘটাই...