১০ কেজি চিতলৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰীয়ে

ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী। প্ৰতিজন অসমীয়া সাজু হৈছে প্ৰাণৰ বিহু উদযাপনৰ বাবে। উৰুকাৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০ কেজি ওজনৰ প্ৰকাণ্ড চিতল।

বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিলো ওজনৰ চিতল মাছ উপহাৰ প্ৰদান কৰে। পুৱা এই উপহাৰ লাভ কৰি আপ্লুত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব-এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কভিডৰ মাজত সাৱধানতাৰে সকলোকে বিহু উদযাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...