পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ গভীৰ ষড়যন্ত্ৰ নেকি? মোদীৰ নিৰাপত্তাৰ গাফিলতিক লৈ অব্যাহত প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফলিতক লৈ বিভিন্ন মহলত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া। যোৱা বুধবাৰে পাঞ্জাৱ ভ্ৰমণৰ সময়ত মোগা-ফিৰোজপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ২০ মিনিট ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় ৰাজনৈতিক মহলত। এই ঘটনাত কংগ্ৰেছৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি বিজেপিয়ে দাবী কৰাৰ বিপৰীতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে উভতি ধৰিছে বিজেপিক। কেন্দ্ৰীয় চৰকাৰক উভতি ধৰি মুখ্যমন্ত্ৰী চান্নীয়ে অভিযোগ কৰে যে এয়া ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ এক গভীৰ ষড়যন্ত্ৰ। কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱ আৰু পাঞ্জাৱীসকলক হত্যাকাৰীৰূপে চিহ্নিত কৰিব খোজা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে চান্নীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ বাবে তেওঁৱেই প্ৰথমে গুলী বুকু পাতি ল’ব।

ইপিনে বুধবাৰে ঘটনা সংঘটিত হোৱাৰ ১৮ ঘণ্টাৰ পিছতহে এই সম্পৰ্কত এজাহাৰ দাখিল কৰাক লৈয়ো প্ৰতিক্ৰিয়া অব্যাহত আছে। লক্ষণীয়ভাৱে এই গোচৰত প্ৰধানমন্ত্ৰী আৱদ্ধ হৈ পৰা বিষয়টোৰ কোনো উল্লেখ নাই। ফিৰোজপুৰৰ এই ঘটনাক লৈ ইতিমধ্যে আৰম্ভ হৈছে বোকা ছটিওৱাৰ খেল। প্ৰকৃততে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিবাদী কৃষকে আৱদ্ধ কৰিছিল নে বিজেপিৰেই একাংশ সদস্যৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...