অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ

হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ। অসমৰ পৰা মিজোৰামলৈ অবৈধভাবে সৰবৰাহ কৰি থকা অৱস্থাত হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। শুকুৰবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ জামিৰা এলেকাত এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণ সাৰখিনি। গোপন সূত্ৰৰ পম খেদি জামিৰাত আৰক্ষীয়ে WB 75 6760 নম্বৰৰ ট্ৰাকখন নিয়মীয়া তালাচীত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে। গাড়ীৰ চালকৰ লগতে এই সাৰ সৰবৰাহৰ কোনো বৈধ নথি নথকাৰ বাবে আৰক্ষী চালক জনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰে। বৰ্তমানে এই সাৰ সৰবৰাহ ব্যবসায়ৰ আৰত থকা চক্ৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...