গুলিবিদ্ধ ড্ৰাগছ মাফিয়া শিৱা ভূঞা, বিশ্বনাথত পুনৰ এনকাউণ্টাৰ

বিশ্বনাথত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ’ল বিশ্বনাথ বালিপুখুৰীৰ শিৱা ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়া। শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত নিজ গৃহৰ পৰা আটক কৰিছিল সুজল ভূঞা ওৰফে শিৱা ভূঞাক। উল্লেখ্য যে, নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে বিশ্বনাথৰ আৰু কোন কোন লোক জড়িত আছিল সেই লোকসকলক চিনাক্ত কৰিবলৈ আৰক্ষীৰ অভিযানকাৰী এটা দলৰ সৈতে শুকুৰবাৰে নিশা নিশা গৈছিল ধৃত শিৱা ভূঞা।

শিৱা ভূঞাই বিশ্বনাথৰ পেটেলিবাৰী সমীপতে আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি আৰক্ষীৰ চকুত ধূলি দি গাড়ীৰ পৰা হঠাৎ জাপ দি আন্ধাৰৰ সুবিধা লৈ পলায়ন কৰাৰ চেষ্টা চলায়নৰ অভিযোগ।পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে শিৱ ভূঞাৰ বাওঁ ভৰিত এজাঁই গুলি মাৰে। শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...