গুলিবিদ্ধ ড্ৰাগছ মাফিয়া শিৱা ভূঞা, বিশ্বনাথত পুনৰ এনকাউণ্টাৰ

বিশ্বনাথত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ’ল বিশ্বনাথ বালিপুখুৰীৰ শিৱা ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়া। শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত নিজ গৃহৰ পৰা আটক কৰিছিল সুজল ভূঞা ওৰফে শিৱা ভূঞাক। উল্লেখ্য যে, নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে বিশ্বনাথৰ আৰু কোন কোন লোক জড়িত আছিল সেই লোকসকলক চিনাক্ত কৰিবলৈ আৰক্ষীৰ অভিযানকাৰী এটা দলৰ সৈতে শুকুৰবাৰে নিশা নিশা গৈছিল ধৃত শিৱা ভূঞা।

শিৱা ভূঞাই বিশ্বনাথৰ পেটেলিবাৰী সমীপতে আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি আৰক্ষীৰ চকুত ধূলি দি গাড়ীৰ পৰা হঠাৎ জাপ দি আন্ধাৰৰ সুবিধা লৈ পলায়ন কৰাৰ চেষ্টা চলায়নৰ অভিযোগ।পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে শিৱ ভূঞাৰ বাওঁ ভৰিত এজাঁই গুলি মাৰে। শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...