২০২৭-২৮ শিক্ষাবৰ্ষৰ পূৰ্বে বিদ্যালয়ৰ ইউনিফৰ্ম যোগানৰ নিৰ্দেশনা সমগ্ৰ শিক্ষা অসমৰ, ১ এপ্ৰিলৰ ভিতৰত বিতৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য

২০২৭-২৮ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক বিনামূলীয়া বিদ্যালয়ৰ ইউনিফৰ্ম যোগান ধৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ শিক্ষা অসমে। পূৰ্বে ইউনিফৰ্মৰ গুণগত মান আৰু সময়মতে যোগানক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ক্ৰয়, যোগান, গুণগত মান পৰীক্ষা আৰু বিতৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে।

নিৰ্দেশনা অনুসৰি, সকলো যোগ্য শিক্ষাৰ্থীয়ে যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়ৰ ইউনিফৰ্ম লাভ কৰে, সেয়া নিশ্চিত কৰিব লাগিব। লগতে ইউনিফৰ্মৰ গুণগত মান আৰু নিৰ্ধাৰিত বিশেষত্বসমূহ কঠোৰভাৱে মানি চলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা অনুসৰি, ২০২৬ চনৰ ১৬ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থীসকলৰ জোখ-মাপ লোৱা আৰু নিবিদাৰ নথি প্ৰস্তুত কৰাৰ কাম সম্পূৰ্ণ কৰিব লাগিব। ৩১ অক্টোবৰৰ ভিতৰত গুণগত মান নিশ্চিত কৰি ৱৰ্ক অৰ্ডাৰ জাৰি কৰিব লাগিব।

ইয়াৰ পিছত ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যোগানকাৰীয়ে বিদ্যালয়সমূহলৈ ১০০ শতাংশ ইউনিফৰ্ম যোগান ধৰিব লাগিব। ২০২৭ চনৰ ১২ জানুৱাৰীৰ ভিতৰত গুণগত মান পৰীক্ষাৰ বাবে নমুনা দাখিল কৰিব লাগিব। আনহাতে, ২০২৭ চনৰ ১ এপ্ৰিলৰ ভিতৰত সকলো যোগ্য শিক্ষাৰ্থীৰ মাজত ইউনিফৰ্ম বিতৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

নিৰ্দেশনাত সংশ্লিষ্ট বিষয়া, কৰ্তৃপক্ষ আৰু যোগানকাৰীসকলক নিজৰ দায়িত্ব নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ কোৱা হৈছে। কোনো পৰ্যায়ত কামত পলম হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

ইউনিফৰ্মৰ গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলিও নিৰ্দেশনাত স্পষ্ট কৰা হৈছে। নিম্নমানৰ ইউনিফৰ্ম গ্ৰহণ কৰা নহ’ব আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত অনাহক বিলম্বৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব।

এই পদক্ষেপৰ জৰিয়তে ২০২৭-২৮ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ যোগ্য শিক্ষাৰ্থীসকলৰ মাজত বিনামূলীয়া ইউনিফৰ্ম বিতৰণ নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...