এক যুগৰ অৱসান, হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ দেহাৱসান

হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ মৃত্যু। শুকুৰবাৰে ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে। অস্কাৰ বঁটা বিজয়ী চিডনী পইটিয়াৰ হৈছে প্ৰথমগৰাকী কৃষ্ণাংগ অভিনেতা। ১৯৬৩ চনতে লিলিজ অৱ দ্য ফিল্ড ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰা অভিনেতাজনে ১৯৯৮ চনত প্ৰথমবাৰ অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল। দ্য ডিফায়েণ্ট ওৱানচ নামৰ ছবিৰ বাবে অস্কাৰলৈ মনোনীত হৈছিল অভিনেতাজন। প্ৰথমবাৰ মনোনয়ন লাভ কৰাৰ ৫ বছৰ পিছতহে তেওঁ এই সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। চিডনী পইটিয়াৰৰ প্ৰথমখন ছবি আছিল ১৯৫৫ চনত নিৰ্মিত ব্লেকব’ৰ্ড জংঘল। ছবিখনত তেওঁ এজন ছাত্ৰৰ ভূমিকাত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত হলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল চিডনি পইটিয়াৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...