ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰি ইতিহাস গঢ়িছে। পঞ্চমবাৰৰ বাবে এই বঁটা লাভ কৰি তেওঁ ICCৰ Player of the Month Award পাঁচবাৰকৈ লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।
২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে গিলক এই সন্মান প্ৰদান কৰা হৈছে। শৃংখলাটোত দুটাকৈ শতক অৰ্জন কৰি ভাৰতীয় অপেনাৰগৰাকীয়ে নিজৰ বেটিঙৰ দক্ষতা পুনৰ প্ৰমাণ কৰে।
এই বঁটাৰ দৌৰত গিলৰ সৈতে মনোনীত হৈছিল তেওঁৰ ভাৰতীয় সতীৰ্থ তথা শৈশৱৰ বন্ধু অভিষেক শৰ্মা আৰু জিম্বাবৱেৰ টি-২০ অধিনায়ক ছিকন্দৰ ৰাজা। অৱশেষত দুয়োগৰাকী প্ৰতিদ্বন্দ্বীক অতিক্ৰম কৰি সন্মানটো নিজৰ নাম কৰে গিলে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে গিলৰ বৃহৎ ইনিংছটোৱে বিশেষ চৰ্চা লাভ কৰে। ১৩৩টা বলত অপৰাজিত ২২৩ ৰান সংগ্ৰহ কৰি তেওঁ দলৰ হৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
পঞ্চমবাৰৰ বাবে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাটো গিলৰ কেৰিয়াৰৰ এক উল্লেখযোগ্য সাফল্য। অধিনায়কত্বৰ দায়িত্বৰ লগতে বেটিঙতো ধাৰাবাহিকতা বজাই ৰাখি ভাৰতীয় ক্ৰিকেটত নিজৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিছে ২৭ বছৰীয়া তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।
