শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ কিয়? তীব্ৰ আপত্তি অল ইণ্ডিয়া মুছলিম ল’ ব’ৰ্ডৰ

দেশত এইবাৰ সূৰ্য নমস্কাৰক লৈ বিতৰ্ক। শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ আয়োজন কৰিবলৈ দিয়াক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। সূৰ্য নমস্কাৰৰ বিৰোধীতা মুছলিম সংগঠনৰ। মুছলিম সংগঠনৰ মন্তব্য ইছলামে মানি নলয় সূৰ্য নমস্কাৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত বিদ্যালয়সমূহত ৭ জানুৱাৰীলৈ সূৰ্য নমস্কাৰ অনুষ্ঠানৰ আয়োজনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। এই অনুষ্ঠানৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া অল ইণ্ডিয়া মুছলিম ল’ ব’ৰ্ডে। তেওঁলোকৰ মতে সূৰ্য নমস্কাৰত সূৰ্যক পূজা কৰা হয়, যাৰ ইছলামত অনুমতি নাই। ব’ৰ্ডে লগতে কয় যে, ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু দেশৰ সংবিধানে ইয়াকে শিকাই আহিছে। দেশৰ ধৰ্ম নিৰপেক্ষতা অটুট ৰাখক চৰকাৰে। ধৰ্মনিৰপেক্ষতাৰ ধাৰণা অনুসৰি দেশৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰম সজোৱা হৈছে বুলি মন্তব্য মুছলিম সংগঠনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...