চিন্তিত স্বাস্থ্য বিভাগ, মালিগাঁও কেন্দ্ৰীয় বিদ্যালয়, নুমলীগড় DPS আৰু বিমানবন্দৰত কভিডৰ সংহাৰ

গুৱাহাটীৰ মালিগাঁও কেন্দ্ৰীয় বিদ্যালয়ত কৰ’নাৰ সংক্ৰমণ। বিদ্যালয়খনৰ ৭জন আক্ৰান্ত হৈছে ক’ভিডত। ইয়াৰে ৪জন শিক্ষক আৰু ৩জন ছাত্ৰ আক্ৰান্ত হৈছে ক’ভিডত। ইতিমধ্যে বিদ্যালয়খনত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ক’ভিড আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে GMCHত। ইফালে, নুমলীগড় NRLৰ DPSত কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্ত বিদ্যালয়খনৰ অধ্যক্ষগৰাকী। শীতৰ বন্ধৰ পিছত ৪ জানুৱাৰীত খুলিছিল বিদ্যালয়। মঙলবাৰে বিদ্যালয়ত ক’ভিড প্ৰতিষেধকো প্ৰদান কৰা হৈছিল ছাত্ৰ-ছাত্ৰীক। আনহাতে, বহিঃ ৰাজ্যৰ পৰা অহা বহুজনৰ দেহত ক’ভিড সংক্ৰমণ। বৰঝাৰ বিমানবন্দৰত ২৯জন ক’ভিড পজিটিভ। বহিঃৰাজ্যৰ বিমান যাত্ৰীৰ দেহত ক’ভিড পজিটিভ। চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...