প্ৰতিখন জিলাৰ SPৰে মুখ্যমন্ত্ৰীৰ বৈঠক, দুলীয়াজানত আজি কি কি সিদ্ধান্ত ল’ব?

নতুন বছৰটোত ৰাজ্যত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰে মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা দুদিনীয়াকৈ দুলীয়াজানত অনুষ্ঠিত হ’ব SP CONFERENCE। ইয়াত সন্মিলনত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল। ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছেগৈ দুলীয়াজানত। ইয়াৰ পূৰ্বেও ৰাজ্যৰ OC সকলৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, আৰক্ষীয়ে চুৰি-ডকাইতি কৰায়ত্তৰ সমানে সমানে সামাজিক দায়িত্ববোধ তথা সমাজৰ আন আন কামতো সক্ৰিয়ভাবে অংশগ্ৰহণৰ পোষকতা কৰিছে। ইয়াৰ অংশ ৰূপে ৩১ ডিচেম্বৰত সুৰাবিৰোধী ব্যাপক অভিযানেৰে দুৰ্ঘটনা হ্ৰাস কৰা, একেই পদক্ষেপ ভোগালী বিহুৰ উৰুকাৰ দিনাও লোৱাৰ কথা প্ৰকাশ কৰিছে। একেদৰে, কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হলে ডেথ ৰিপৰ্ট ঘৰতে নিজেই গৈ দি অহা, পাছপৰ্ট, সাধাৰণ মানুহৰ সেৱাৰ কাম কৰিব আৰক্ষীয়ে। অসমত দুৰ্নীতি, বেয়া কাম কৰাৰ কাৰো সাহস নাই, ডুপ্লিকেট কাগজ উলিয়াই চাকৰি ললেও আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব বুলি ১ জানুৱাৰীত সকীয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...