২৪ ঘণ্টাৰ ভিতৰত ঘূৰাই পাব হেৰুওৱা ধন। মাত্ৰ WhatsApp অথবা ফোন কৰক এই নম্বৰত…

এতিয়াৰে পৰা দুষ্ট চক্ৰই ধন হৰলুকি কৰিলে চিন্তা নাই! মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ঘূৰাই পাব হেৰুওৱা ধন। ৰাজ্যবাসীৰ বাবে সুখবৰ আনিছে চৰকাৰ আৰু আৰক্ষীয়ে। এতিয়াৰে পৰা মাত্ৰ এটা ফোনকলতে ঘূৰাই পাব ধন। স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এই আশ্বাস। নিজৰ বেংক একাউণ্টৰ পৰা ধন নোহোৱা হ’লে ফোন কৰক অসম আৰক্ষীক। যিকোনো সময়তে 155260 নম্বৰত ফোন কৰিব পাৰিব। ২৪ ঘণ্টাই উপলব্ধ হ’ব এই টোল ফ্ৰী নম্বৰ।

WhatsApp যোগেও এই সন্দৰ্ভত দিব পাৰিব অভিযোগ। ইযাৰ বাবে 9132699735 নম্বৰত WhatsApp কৰিব লাগিব। বিজ্ঞাপন সহকাৰে অসম চৰকাৰ, অসম আৰক্ষীয়ে মুকলি কৰিছে এই বিশেষ নম্বৰ। কষ্টোপাৰ্জিত সাঁচতীয়া ধন হৰলুকি হলে আৰক্ষী আপোনাৰ কাষত ঠিয় হব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...