নিজম পৰিল বাদুংদুপ্পাৰ শালনি, আকৌ এবছৰলৈ অপেক্ষা কৰিব নাট্যপ্ৰেমীয়ে

হাবিৰ মাজত নাট সমাৰোহ। নিজম পৰিল গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ বাকৰি। প্ৰতি বছৰৰ দৰে এইবেলিও সফলভাবে সামৰণি পৰিল আণ্ডাৰ দ্যা ছাল ট্ৰি নাট সমাৰোহৰ।

বাদুংদুপ্পা কলা কেন্দ্ৰৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল ” আণ্ডাৰ দ্যা ছাল ট্ৰি” ২০২১ বৰ্ষৰ নাট সমাৰোহৰ। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংদুপ্পা কলা কেন্দ্ৰই ব্যতিক্ৰমী ধাৰাৰে আয়োজন কৰিছিল এই অগতানুগতিক নাট সমাৰোহৰ। এই ধাৰা অব্যাহত ৰাখি বিগত ১২ বছৰ ধৰি ৰামপুৰ গাঁওৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শাল গছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে।

বনাঞ্চলৰ মাজত মঞ্চ তৈয়াৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত মাইক তথা যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। কৃত্ৰিম দৃশ্যসজ্জা, বৈদ্যুতিক পোহৰৰ স্পট, হেল’জেন লাইট, স্পার্ক, আধুনিক বাদ্যযন্ত্ৰ আদি সকলো অসাৰ কৰি সম্পূৰ্ণৰূপে থলুৱা সা-সৰঞ্জাম আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি এই সমাৰোহ অনুষ্ঠিত কৰা হয়।

এইবেলি নাট সমাৰোহত পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অসমৰ দুটা নাট্য দলে শালনিৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত নাট মঞ্চস্থ কৰে। শুকুৰবাৰে কলাক্ষেত্ৰত মণিপুৰৰ মণিপুৰী ভাষাৰ ‘তামনা লাই’ ( হানটিং স্পিৰিট) নাটকৰ জৰিয়তে নাট সমাৰোহৰ সামৰণি পৰে। নাটখনত পদ্মশ্ৰী সাবিত্ৰী দেৱীয়ে অভিনয় কৰি সকলোকে আপ্লুত কৰে।

থলুৱা লোকনাট্য আৰু জনজাতীয় সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখি বাদুংদুপ্পা কলা কেন্দ্ৰই বিগত ১২ বছৰ ধৰি এনে সমাৰোহৰ আয়োজন কৰি নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ আছে ।

বিশিষ্ট নাট্য কৰ্মী তথা ইণ্ডিয়ান থিয়েটাৰ ডিৰেক্টৰ সুনীল শানবাগে এই সমাৰোহৰ শুভাৰম্ভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...