মন গ’লেহে ৰাজ্যসভালৈ যাম…ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ

আকৌ এবাৰ সংবাদ শীৰ্ষত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। এটা বিশেষ মন্তব্যৰ বাবে তোলপাৰ লাগিছে দেশ। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ। ৰাজ্যসভাত বিশেষাধিকাৰ ভংগৰ জাননী তৃণমূল কংগ্ৰেছৰ সাংসদৰ। তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম নূৰে দাখিল কৰিছে জাননী। মোৰ মন গ’লেহে মই ৰাজ্যসভালৈ যাম বুলি মন্তব্য কৰিছিল ৰাজ্যসভাৰ সাংসদ তথা দেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ গগৈয়ে। ইয়াৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰাৰ লগতে কমেও আন ১০জন সাংসদেও জাননী দাখিল কৰিব বুলি জানিব পৰা গৈছে। সাংসদজনে তেওঁৰ আত্মজীৱনী গ্ৰন্থ ‘জাষ্টিচ ফৰ দ্য জাজ’ৰ প্ৰকাশৰ পিছতে বিশেষ সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...