প্ৰিয়ংক পাঞ্চাল ইন, ৰোহিত শৰ্মা আউট!

পৰৱৰ্তী টেষ্ট শৃংখলাত দেখা নাযাব অপেনাৰ আৰু উপ অধিনায়ক ৰোহিত শৰ্মাক। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব নোৱাৰিব ৰোহিতে। আঘাতৰ বাবে শৃংখলাত ক্ৰিকেটপ্ৰেমীয়া দেখা নাপাব ৰোহিত শৰ্মাক। পৰৱৰ্তী তিনিওখন টেষ্টৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ সলনি দলত স্থান দিয়া হৈছে গুজৰাটৰ বেটছমেন প্ৰিয়ংক পাঞ্চালক। অনুশীলনৰ সময়তে আঙুলিত আঘাত পাইছিল ৰোহিত শৰ্মাই। আঘাতৰ বাবে জিৰণি দিয়া হৈছে বিস্ফোৰক বেটছমেনগৰাকীক।

উল্লেখ্য যে, ৰোহিত শৰ্মাক টীম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। ৮ ডিচেম্বৰত টেষ্টৰ উপ-অধিনায়কলৈ পদোন্নতি দিয়া হৈছিল। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাত ৩খন টেষ্ট খেলিব। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খেলসমূহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...