দাম বাঢ়িল সুৰাৰ, কিমান শতাংশ বৃদ্ধি কৰিলে সুৰাৰ দৰ? কোনবিধ সুৰাৰ কিমান দাম?

দাম বাঢ়িল সুৰাৰ। শুকুৰবাৰৰ পৰা বৰ্ধিত দামত সুৰা বিক্ৰী কৰিছে সুৰাৰ বিপণীসমূহে। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি।

অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।

পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে।

বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটতো আবকাৰী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম।

পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...