কভিড কাল হৈ নামিছে নেকি? মুম্বাইত ১৪৪ ধাৰা, মানি চলিব লাগিব এইসমূহ নিয়ম

দেশত বাঢ়িয়েই আছে কভিড সংক্ৰমণৰ ঘটনা। মুম্বাইত অমিক্ৰনৰ সংক্ৰমণৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ১২ ডিচেম্বৰলৈ ৰাজহুৱা ৰেলী, বিশাল জনসমাবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিয়ম নমনাসকলক শাস্তি বিহিব প্ৰশাসনে। ইণ্ডিয়েন পেনেল কোডৰ ১৮৮ ধাৰা আৰু অন্য ধাৰাসমূহৰ অধীনত জৰিমনা আৰু শাস্তিৰ সন্মুখীন হব আইন নমনাসকল। ৰাজহুৱা স্থানত সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান প্ৰশাসনৰ। বিনা কাৰণত বহু লোকৰ সমাবেশ নকৰিবলৈ আহ্বান।

AIMIMৰ প্ৰধান আছাদুদ্দিন ওৱেছীৰ ৰেলীৰো অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে। মুছলিমৰ বাবে আসন সংৰক্ষণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ওৱেছীয়ে। এইপৰ্যন্ত ভাৰতত ৩২টা অমক্ৰিন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। সৰ্বাধিক মহাৰাষ্ট্ৰত ১৭গৰাকী লোক সংক্ৰমিত হোৱাৰ বিপৰীতে ৰাজস্থানত ৯গৰাকীৰ দেহত পোৱা গৈছে পজিটিভ। আনহাতে, গুজৰাটত ৩গৰাকী, দিল্লীত এগৰাকী আৰু কৰ্ণাটকত দুগৰাকী লোকৰ দেহত পোৱা গৈছে অমক্ৰিন ভাইৰাছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...