কৃষক বিদ্ৰোহৰ সফল সামৰণি, ঘৰমুৱা কৃষক

0 38

কৃষক বিদ্ৰোহৰ সফল সামৰণিৰ পিছত এতিয়া ঘৰমুৱা হৈছে কৃষক। এবছৰতকৈও অধিক কাল ৰ’দে-বৰষুণে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকে সফল কৰিলে তেওঁলোকৰ বিদ্ৰোহ। বহু লাঠীচালনা হ’ল, বহু পানী হিলৈ মৰা হ’ল প্ৰতিবাদী কৃষকলৈ। তথাপিও ৩ কৃষি আইন বাতিলৰ বাবে প্ৰতিবাদত বহি থাকিল কৃষক সমাজ।

কৃষক বিদ্ৰোহৰ নেতৃত্ব দিয়া ৰাকেশ টিকেটে কৃষক বিদ্ৰোহৰ সামৰণি ঘোষণা কৰিছিল বুধবাৰে। ইয়াৰ পিছতে আজিৰে পৰা কৃষকসকলে বাট লৈছে নিজ নিজ গৃহলৈ। দিল্লীৰ সিংঘু সীমান্ত এলেকা খালী কৰিছে আনন্দিত কৃষকে।

Leave A Reply

Your email address will not be published.