সাৱধান! নিয়ম নামানিলেই চালকে ভৰিব লাগিব জৰিমনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত তৎপৰ হৈ পৰিছে হোজাই জিলাৰ পৰিবহন বিভাগ। হোজাই জিলাৰ পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়াৰ উপস্থিতিত লামডিঙত চলিল তালাচী অভিযান। দুচকীয়া বাহন, তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত তালাচী চলালে পৰিবহন বিভাগে। চহৰখনৰ কেইবাটাও স্থানত চলালে তালাচী। দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা আৰু তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত নথি নথকা চালকক জৰিমনা পৰিবহন বিভাগৰ। যিসকল চালকে নথি অবিহনে অথবা নবীকৰণ নকৰাকৈ বাহন চলাই আছিল, সেইসকলক জৰিমনা বিহিছে হোজাই জিলাৰ পৰিবহন বিভাগে। জিলা পৰিবহন বিষয়াৰ তত্বাৱধানত আগন্তুক দিনতো নিয়মীয়াকৈ চলিব তালাচী অভিযান। সকলোকে নিজৰ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাৰ আহ্বান। লগতে জৰুৰী নথি সময়মতে পূৰণ কৰা প্ৰশাসনক সহযোগ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ। ১ ডিচেম্বৰৰ পৰা চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...