সাৱধান! নিয়ম নামানিলেই চালকে ভৰিব লাগিব জৰিমনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত তৎপৰ হৈ পৰিছে হোজাই জিলাৰ পৰিবহন বিভাগ। হোজাই জিলাৰ পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়াৰ উপস্থিতিত লামডিঙত চলিল তালাচী অভিযান। দুচকীয়া বাহন, তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত তালাচী চলালে পৰিবহন বিভাগে। চহৰখনৰ কেইবাটাও স্থানত চলালে তালাচী। দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা আৰু তিনি চকীয়া আৰু চাৰি চকীয়া বাহনত নথি নথকা চালকক জৰিমনা পৰিবহন বিভাগৰ। যিসকল চালকে নথি অবিহনে অথবা নবীকৰণ নকৰাকৈ বাহন চলাই আছিল, সেইসকলক জৰিমনা বিহিছে হোজাই জিলাৰ পৰিবহন বিভাগে। জিলা পৰিবহন বিষয়াৰ তত্বাৱধানত আগন্তুক দিনতো নিয়মীয়াকৈ চলিব তালাচী অভিযান। সকলোকে নিজৰ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাৰ আহ্বান। লগতে জৰুৰী নথি সময়মতে পূৰণ কৰা প্ৰশাসনক সহযোগ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ। ১ ডিচেম্বৰৰ পৰা চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...