ব্যক্তিগত তথ্য হেকাৰৰ কবলত পৰিলে দায়িত্ব ল’ব কোনে? RIIMS এপৰ বিৰোধিতা চৰকাৰী শিক্ষকৰ

সৰ্বশিক্ষা অভিযানৰ অধীনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা শিক্ষকসকলক জাৰি কৰিছে নতুন নিৰ্দেশনা। শিক্ষা বিভাগে শিক্ষকৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ অৱলম্বন কৰিছে ডিজিটেল পদ্ধতিৰ। সেই অনুসৰি ব্যক্তিগত খণ্ডৰ দৰে অনুৰূপ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। RIIMS এপৰ জৰিয়তে শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰ্ণয়ৰ পোষকতাৰ পিছতে শংকিত হৈ পৰিছে একাংশ চৰকাৰী শিক্ষক। এজন শিক্ষক বিদ্যালয়লৈ কেতিয়া আহিল আৰু কোন সময়ত ঘৰলৈ গ’ল আৰু শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ সহায় লোৱা এই ডিজিটেল পদ্ধতিৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ শিক্ষকে। ১০ ডিচেম্বৰৰ ভিতৰত সকলো শিক্ষককে এই এপ ডাউনলোড কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই APP ইনষ্টল কৰিছে যদিও শংকাত ভুগিছে একাংশ শিক্ষক। ধুবুৰী জিলাৰ চাপৰত NKTVৰ আগত শংকিত একাংশ শিক্ষকৰ প্ৰশ্ন-ব্যক্তিগত তথ্য হেকাৰৰ হাতত পৰিলে দায়িত্ব ল’ব কোনে?
উল্লেখযোগ্য যে, ৰিয়েলটাইম আইডেণ্টিফিকেচন এণ্ড ইনফৰ্মেচন মেনেজমেণ্ট চিষ্টেম বা বায়’মেট্ৰিক ডিজিটেল পদ্ধতিৰে বিদ্যালয়সমূহত শিক্ষকসকলৰ উপস্থিতি নিৰ্ণয় কৰিব। কিন্তু একাংশ শিক্ষকে এই এপ ইনষ্টল কৰিছে যদিও ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধা পোৱাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...