ব্যক্তিগত তথ্য হেকাৰৰ কবলত পৰিলে দায়িত্ব ল’ব কোনে? RIIMS এপৰ বিৰোধিতা চৰকাৰী শিক্ষকৰ

সৰ্বশিক্ষা অভিযানৰ অধীনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা শিক্ষকসকলক জাৰি কৰিছে নতুন নিৰ্দেশনা। শিক্ষা বিভাগে শিক্ষকৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ অৱলম্বন কৰিছে ডিজিটেল পদ্ধতিৰ। সেই অনুসৰি ব্যক্তিগত খণ্ডৰ দৰে অনুৰূপ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। RIIMS এপৰ জৰিয়তে শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰ্ণয়ৰ পোষকতাৰ পিছতে শংকিত হৈ পৰিছে একাংশ চৰকাৰী শিক্ষক। এজন শিক্ষক বিদ্যালয়লৈ কেতিয়া আহিল আৰু কোন সময়ত ঘৰলৈ গ’ল আৰু শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ সহায় লোৱা এই ডিজিটেল পদ্ধতিৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ শিক্ষকে। ১০ ডিচেম্বৰৰ ভিতৰত সকলো শিক্ষককে এই এপ ডাউনলোড কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই APP ইনষ্টল কৰিছে যদিও শংকাত ভুগিছে একাংশ শিক্ষক। ধুবুৰী জিলাৰ চাপৰত NKTVৰ আগত শংকিত একাংশ শিক্ষকৰ প্ৰশ্ন-ব্যক্তিগত তথ্য হেকাৰৰ হাতত পৰিলে দায়িত্ব ল’ব কোনে?
উল্লেখযোগ্য যে, ৰিয়েলটাইম আইডেণ্টিফিকেচন এণ্ড ইনফৰ্মেচন মেনেজমেণ্ট চিষ্টেম বা বায়’মেট্ৰিক ডিজিটেল পদ্ধতিৰে বিদ্যালয়সমূহত শিক্ষকসকলৰ উপস্থিতি নিৰ্ণয় কৰিব। কিন্তু একাংশ শিক্ষকে এই এপ ইনষ্টল কৰিছে যদিও ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধা পোৱাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...