আবতৰীয়া শৰতৰ ৰঙত ৰঙীন বশিষ্ঠৰ চাৰু কলা কলেজ

মহানগৰীৰ বশিষ্ঠস্থিত আজি অনুষ্ঠিত হয় চাৰু কলা মহাবিদ্যালয়ত শৰতৰ ৰং শীৰ্ষক বিশেষ অনুষ্ঠানৰ। মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই শৰতৰ ৰং শীৰ্ষক অনুষ্ঠানৰ। এই উপলক্ষ্যে মহাবিদ্যালয়খনত দেৱাল অংকন তথা সংগীত আৰু কবিতাৰ অনুষ্ঠান আয়োজন কৰা হয়। কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিল্পীয়ে গীত পৰিৱেশন কৰি সুৰেৰে জীপাল কৰি তোলে। এই বৰ্ণিল অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক তথা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। মহাবিদ্যালখনৰ দেৱালত চিত্ৰ অংকনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰাই। নিজৰ ভাষণত আগন্তুক দিনত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ। এই মহাবিদ্যালয়খনে অসমৰ চিত্ৰ তথা সাংস্কৃতিক দিশত সদায় অৱদান আগবঢ়াই অহাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে পাঠ্যক্ৰম সংশোধন আৰু উপভোগ্য আৰু বিশ্বমুখী আধুনিক মানৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...