বিপিন ৰাৱটেই নহয়, চীনৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা টাইৱানৰ সেনাপ্ৰধানৰো মৃত্যু হৈছিল ৰহস্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত

চীফ অফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱটৰ মৃত্য়ুৱে বহু নতুন নতুন অধ্যায়ৰ উন্মেষ ঘটাইছে। বিপিন ৰাৱটৰ দৰেই টাইৱানৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল শ্বেন য়ি মিঙৰ মৃত্যু হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনাত। প্ৰায় এবছৰ পূৰ্বে এনেদৰে আচম্বিতে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্য়ু ঘটিছিল জেনেৰেল মিঙৰ।

টাইৱানৰ মিলিটাৰী চীফ অফ জেনেৰেল ষ্টাফ জেনেৰেল শ্বেন য়ি মিঙে ২০২০ চনৰ ৩ জানুৱাৰীত নিয়মীয়া সেনা ভ্ৰমণলৈ ৰাওনা হৈছিল। সাধাৰণতে ব্যৱহৃত ব্লেক হক ইউএইচ-60 এম সামৰিক হেলিকপ্টাৰেৰে ৬২ বছৰীয়া জেনেৰেল মিং ৰাওনা হৈছিল। শ্বেন য়িং মিং আৰু কৰ্মচাৰীসহ ১৩জন লোকক কঢ়িয়াই লৈ গৈছিল হেলিকপক্টাৰখনে। পুৱা প্ৰায় ৮.০৭ বজাত টাইৱানৰ এয়াৰবেছৰ পৰা উৰা মৰাৰ ১৩ মিনিট পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত ৮ জন লোক নিহত হৈছিল। প্ৰথমে খবৰ পোৱা গৈছিল যে ঘটনাস্থলীত উপস্থিত হোৱা উদ্ধাৰকাৰী দলে জেনেৰেল মিংকক জীৱিত অৱস্থাত পাইছিল কিন্তু পিছত গম পাইছিল যে এইটো এটা উৰাবাতৰি আছিল। ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল মিঙে।

একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল বুধবাৰে তামিলনাডুত। বুধবাৰে প্ৰায় ১২.০৮ বজাত কুনুৰত দুৰ্ঘটনাগ্ৰস্ত হয় চিডিএছ ৰাৱটৰ হেলিকপ্টাৰ। জেনেৰেল ৰাৱটৰ সৈতে পত্নী মধুলিকা ৰাৱটো আছিল। বিমানখনত ১২ জন বিষয়াসহ সেনা জোৱান আছিল। দুৰ্ঘটনাটোত ১৩জন লোকৰ মৃত্যু ঘটে। শ্বেন য়ি মিঙৰ দুৰ্ঘটনাৰ দৰে বুধবাৰে আবেলিলৈকে খবৰ পোৱা গৈছিল যে আহতসকলৰ কিছুমানক সংকটজনক অৱস্থাত ৱেলিংটনৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰায় চাৰে পাঁচ ঘণ্টা ধৰি এই খবৰে পোৱা গৈছিল। খবৰ পোৱা গৈছিল যে জেনেৰেল ৰাৱট আৰু পত্নীকে ধৰি একাংশ বিষয়া গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু পিছত এটা এটাকৈ মৃত্যুৰ খবৰবোৰ আহিবলৈ আৰম্ভ কৰিছিল।

দুৰ্ঘটনাৰ দৰে আন ৩টা কাৰণতো কাকতালীয় সংযোগ দুয়োজনৰে। ২০০২ চনত জেনেৰেল মিং আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান যুদ্ধ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল। একেদৰে বিপিন ৰাৱটেও আমেৰিকাত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আনহাতে, টাইৱানৰ সামৰিক ক্ষেত্ৰৰ সেনাপতিসকলে চীনৰ বিৰুদ্ধে নিৰন্তৰভাবে কঠোৰ স্থিতি গ্ৰহণ কৰি আছিল। আনহাতে, বিপিন ৰাৱটেও কিছুদিন পূৰ্বে চীনৰ ওপৰত জৈৱিক যুদ্ধৰ বিষয়ে বিশেষ মন্তব্য কৰিছিল। এই ঘটনাবোৰ একত্ৰিত কৰি সন্দেহৰ দৃষ্টিৰে চোৱা হৈছে চীনক। পোনপটীয়াভাবে কোনেও চীনক দোষাৰোপ কৰা নাই যদিও দুয়ো দেশৰ সেনাপ্ৰধানৰ আচম্বিত মৃত্য়ুৱে আকৌ এবাৰ মনত পেলাই দিলে কাকতালীয় সংযোগৰ কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...