সপ্তাহত চাৰে চাৰি দিনহে কৰিব লাগিব কাম, সলনি হ’ল কৰ্মচাৰীৰ কামৰ সময়

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জানুৱাৰী মাহৰ পৰা সলনি হব নিয়ম। সকলো চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহটোৰ ৭ দিনৰ কেৱল চাৰে চাৰি দিনহে কাম কৰিব লাগিব। শুকুৰবাৰে মাত্ৰ আধা দিনহে কাম কৰিব লাগিব। শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণৰূপে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। নতুন নিৰ্দেশনা অনুসৰি, কৰ্মচাৰীসকলে বিচাৰিলে শুকুৰবাৰে ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিয়া হ’ব। ডুবাই আৰু আবু ধাবিত বলৱৎ হ’ব এই নতুন নিয়ম। এই নিয়ম বলৱতৰ ঘোষণাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকল উত্ফুল্লিত হৈ পৰিছে।
UAE চৰকাৰৰ মতে ই গোলকীয় বজাৰৰ আৰ্হি অনুসৰণ কৰিব বিচাৰে। ১৯৭১ চনৰ পৰা ১৯৯৯ চনলৈ, দেশখনত ৬ দিনহে কাম আছিল। ১৯৯৯ চনত, ইয়াক ৫ দিনলৈ সলনি কৰা হৈছিল আৰু এতিয়া চাৰে চাৰি দিনলৈ সলনি কৰা হৈছে।
প্ৰকাশিত বাতৰি অনুসৰি, শীঘ্ৰেই দেশখনৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়েও এই নতুন নিয়ম অনুসৰণ কৰিব। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত পৃথক বিজ্ঞপ্তি জাৰি কৰিব পাৰে। অৱশ্যে, বিদ্যালয় আৰু ব্যক্তিগত খণ্ড সন্দৰ্ভত এতিয়ালৈকে কোনো নিৰ্দেশনা জাৰী কৰা হোৱা নাই। কোম্পানী বা ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী নহয় আৰু এই ক্ষেত্ৰত নিজেই সিদ্ধান্ত ল’ব।
UAE চৰকাৰৰ অফিচিয়েল মিডিয়া চেলৰ মতে- “কৰ্মচাৰীসকলক কামৰ বিনিময়ত একে পৰিমাণৰ বিশ্ৰাম দিলেও, উৎপাদনশীলতাত প্ৰভাৱ নেপেলায়, বৰং বৃদ্ধিহে কৰিব, ই দেশক লাভান্বিত কৰিব।” মন কৰিবলগীয়া যে, UAE-এ ইয়াৰ পূৰ্বে ২০০৬ চনত কৰ্ম সপ্তাহৰ আৰ্হি সলনি কৰিছিল। তাৰ পিছত, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ পৰিৱৰ্তে, শুক্ৰবাৰে-শনিবাৰে বন্ধ ঘোষণা কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...