বনভোজলৈ যোৱাৰ কথা ভবাৰ আগতে জানি লওক এই নিয়ম

বনভোজকাৰী দললৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বনভোজৰ সময়ত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে প্ৰশাসনে। সেই অনুসৰি নৱবৰ্ষ আৰু বনভোজক লৈ চৰকাৰে আগতীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে। নৱবৰ্ষৰ প্ৰাক সন্ধিয়া অথবা মাজনিশা সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব চালকে। সুৰাপান গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা বিহিব প্ৰশাসনে। ৰাজপথত চালকে সুৰাপান কৰি গাড়ী চলোৱাৰ প্ৰমাণ পালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। ইয়াৰ লগতে সুৰাপান কৰি গাড়ী চলালে বাতিল হ’ব লাইচেঞ্চ। সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব প্ৰশাসনে। উচ্চস্বৰত বজাব নোৱাৰিব সংগীত। পৰিৱেশ নিয়ন্ত্ৰণত ৰখা আৰু সকলোকে সংযম বজাই ৰখাৰ বাবে প্ৰশাসনে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ। ৩১ ডিচেম্বৰত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সিদ্ধান্ত। বৈঠকৰ অন্তত পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিলে এই কথা। উল্লেখ্য যে, প্ৰতি বছৰে বনভোজলৈ গৈ অথবা ৩১ ডিচেম্বৰৰ মায়াবী নিশা পথ দুৰ্ঘটনাত শ শ লোকৰ মৃত্যু ঘটে। সুৰাপায়ী চালকৰ বাবে বহু লোকৰ জীৱন অকালতে নোহোৱা হয়। ধন-জন হানিৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবে বহু অনাকাংক্ষিত পৰিস্থিতিৰো সূচনা হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...