উপায়ুক্তই কিয় তলা ওলমালে মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ত?

দীৰ্ঘদিন ধৰি কাৰ্যালয়ত অনুপস্থিত বন বিষয়া। বিভিন্ন দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছিল বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে। কোকৰাঝাৰৰ হল্টুগাঁৱত থকা মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়টোত মঙলবাৰে তলাবন্ধ কৰে উপায়ুক্তই। কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই মঙলবাৰে পুৱাৰ ভাগত কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ সময়ত কাৰ্যালয়টোত অনুপস্থিত আছিল বনাঞ্চলিক বিষয়া সুহাস কদম। দীৰ্ঘদিন ধৰি বনাঞ্চলিক বিষয়াজনে কাৰ্যালয়ত উপস্থিত হোৱা নাছিল।

বিভিন্ন দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছিল বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে। সন্ধিয়া ৫ বজাত উপায়ুক্ত বৰ্ণালী ডেকাই পুনৰ কাৰ্যালয়টোত উপস্থিত হৈ তলাবন্ধ কৰে। এনেদৰে একাংশ বিষয়াই দায়িত্ব পালন নকৰি বিভিন্ন অজুহাত দেখুৱাই উপস্থিত নাথাকে কাৰ্যালয়ত। দুৰ্নীতিগ্ৰস্ত কামত ফাকি দিয়া বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে কোকৰাঝাৰৰ উপায়ুক্ত তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...