ৰাজ্যবাসীক অন্ধকাৰত ৰাখি সম্পূৰ্ণ হোৱাৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নামনি সোৱণশিৰিত নিৰ্মীয়মাণ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ২০২২ চনৰ আৰম্ভণিৰ পৰা পুনৰ সোৱণশিৰি প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ। শুকুৰবাৰে গুৱাহাটীত উত্তৰ পূবৰ শক্তিমন্ত্ৰী সকলৰ সৈতে বহা বৈঠকত অন্তত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দুটা ইউনিট কাৰ্যক্ষম কৰাৰ লক্ষ্য লোৱা হৈছে। সেই ‍বছৰৰে আগষ্ট মাহৰ পৰা জলবিদ্যুৎ প্ৰকল্পটোত উৎপাদন হ’ব বিদ্যুৎ।

ৰাজ্যবাসীক অন্ধকাৰত ৰাখি ১২ নৱেম্বৰৰ ভিতৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে বৃহৎ নদীবান্ধটোৰ প্ৰায় ৮৬ শতাংশ কাম। প্ৰথম পৰ্যায়ত নামনি সোৱণশিৰি প্ৰকল্পই উৎপাদন কৰিব ৫০০ মেগাৱাট বিদ্যুৎ। পৰবৰ্তী সময়ত ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ। কিন্তু লক্ষ্যণীয়ভাৱে এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে বিনামূলীয়াকৈ লাভ কৰিব মাত্ৰ ২৫ মেগাৱাট বিদ্যুৎ। আৰু বুজাবুজিৰ চুক্তিমৰ্মে অসম চৰকাৰে ক্ৰয় কৰিলেহে লাভ কৰিব পাৰিব ৫০৮ মেগাৱাট বিদ্যুৎ। গুৱাহাটীত কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...