ৰাজ্যিক কেবিনেটত ছটা বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৩ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি সমবায় ক্ষেত্ৰত প্ৰতিযোগিতামূলক তথা বৃত্তিগত বাতাবৰণ প্ৰচাৰৰ লক্ষ্য আগত ৰাখি অসম সমবায় সমিতি আইন ২০০৭ৰ ধাৰা ৬(৩) বিলোপৰ সংশোধনী মৰ্মে একেটা ক্ষেত্ৰত একে উদ্দেশ্যৰে গঠিত সমবায় সমিতিৰ পঞ্জীয়নত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।


ইয়াৰ লগতে দুখনকৈ চিকিত্সা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণত অনুমোদন। ইয়াৰ বাবে চৰাইদেউত ৫৫৭ কোটি টকাৰ প্ৰকল্প ব্যয়ত অনুমোদন জনাইছে কেবিনেটে। আনহাতে, বিশ্বনাথ চিকিত্সা মহাবিদ্যালয়ৰ বাবে ৫৬৪.৪২ কোটি টকাৰ পুঁজিত অনুমোদন। প্ৰকল্পসমূহ নাবাৰ্ডৰ পৰা ম্যাদী ঋণৰ জৰিয়তে অসম আন্তঃগাঁথনি বিত্ত সংস্থাৰ দ্বাৰা পুঁজি যোগানত অনুমোদন
পৌৰ নিৰ্বাচনত EVM ব্যৱহাৰ হ’ব। অসম পৌৰ পৰিষদ আয়ুক্ত নিৰ্বাচন(সংশোধনী) নিয়ম, ২০২১ মৰ্মে পৌৰ নিৰ্বাচনত EVM ব্যৱহাৰত অনুমোদন।


অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক লৈও বিশেষ সিদ্ধান্ত। ৰাজহুৱা খণ্ডৰ উন্নত বেলেঞ্চ শ্বীট আৰু ক্ৰেডিট ইনফ্ল’ৰ বাবে ২০২১ৰ ৩১ মাৰ্চলৈকে APDCLৰ ৯৩০ কোটিৰ ঋণ আৰু অসম চৰকাৰৰ ৩,৩৫৯ কোটিৰ অনুদান ইকুইটীলৈ ৰূপান্তৰকৰণত অনুমোদন কেবিনেটত।


বিদ্যুৎ উপভোক্তালৈ সকাহ প্ৰদান কৰা হ’ব। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে জীৱন ধাৰা, কম বেতনৰ ঘৰুৱা, এল টি বাণিজ্যিক আৰু ঔদ্যোগিক উপভোক্তাসকলক শুল্ক ৰেহাই পৰিশোধৰ বাবে ৪৮০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। এই পদক্ষেপে বৰ্তমানৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰা ১২ লাখৰো অধিক BPL পৰিয়ালক লাভান্বিত কৰিব আু লগতে ৪৫ লাখৰো অধিক কম বেতনৰ ঘৰুৱা গ্ৰাহকক সকাহ প্ৰদান কৰিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...

প্ৰতি ৯০ দিনৰ মূৰে মূৰে এখন দেশৰ ওপৰত কূটনৈতিক নিয়ন্ত্ৰণ, ১২টা ডাঙৰ সিদ্ধান্ত… ট্ৰাম্পৰ এবছৰৰ কাৰ্যকলাপ

২০২৫ চনৰ ২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ...