প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীলৈ ৰণাংগন বঁটা

সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক, নেচনেল বুক ট্ৰাষ্টৰ গুৰুদায়িত্ব বহন কৰা ৰীতা চৌধুৰীলৈ স্বীকৃতি। ২০২১ বৰ্ষৰ ৰণাংগন বঁটা আগবঢ়োৱা হৈছে ৰীতা চৌধুৰীলৈ। নগাঁৱৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী ৰণাংগনে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ১৩টা বৰ্ষ। ৰণাংগন কাকত আৰু আলোচনীৰ নামেৰেই বিগত বৰ্ষবোৰত সমাজৰ বিশিষ্ট ব্যক্তিক ৰণাংগন বঁটাৰে সন্মানিত কৰি আহিছে। পূৰ্বৰ দৰে এই বৰ্ষটো অসমৰ স্বনামধন‍্য সাহিত্যিক সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ৰীতা চৌধুৰীক শুকুৰবাৰে ৰণাংগন বটাঁ প্ৰদান কৰা কৰে।

নগাঁৱৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পেক্ষাগৃহত এই সন্দৰ্ভত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। অনুষ্ঠানত নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। ইয়াৰ লগতে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও প্ৰবক্তা আৰু বিশ্ববিদ‍্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে। সাহিত্যিকগৰাকীক এখন গামোচা, চেলেং, শৰাই, প্ৰশস্তিপত্ৰ আৰু ধনৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...