বিশ্বদৰবাৰত ভাৰতীয়ৰ দপদপনি, IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত ভাৰতীয় মূলৰ গীতা গোপীনাথ

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বিতীয় সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ’ব ভাৰতৰ অৰ্থনীতিবিদ গীতা গোপীনাথ। অহা মাহত IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হ’ব গোপীনাথ। সম্প্ৰতি IMFৰ মুখ্য অৰ্থনীতিবিদৰূপে কাৰ্যনিৰ্বাহ কৰি আছে গীতা গোপীনাথে। IMFৰ গীতা গোপীনাথ প্ৰথম উপ পৰিচালক সঞ্চালকৰূপে জিঅ’ফ্ৰে অকামোটোৰ স্থলাভিষিক্ত হ’ব। বিগত সময়ছোৱাত IMFৰ বিভিন্ন আৰ্থিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা গীতা গোপীনাথক ২০১৮ত IMFৰৰ মুখ্য অৰ্থনীতিবিদৰূপে নিযুক্তি দিয়া হৈছিল।

ভাৰতীয় বংশোদ্ভুত গীতা গোপীনাথ বৰ্তমান মাৰ্কিন নাগৰিক আৰু অহা জানুৱাৰীত তেওঁ IMF ত্যাগ কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰাৰ কথা আছিল। IMFৰৰ দ্বিতীয় শীৰ্ষ পদবীলৈ পদোন্নতি লাভ কৰাৰ পিছত গোপীনাথে এই সিদ্ধান্ত বাতিল কৰি পুনৰ IMFত কাৰ্যনিৰ্বাহক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...