ধন উলিয়াবলৈ ATM ব্যৱহাৰ কৰা সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ!

মূল্যবৃদ্ধিত জুৰুলা হৈ থকাৰ মাজতে আন এক সমস্যাৰ সন্মুখীন হ’ব পাৰে সৰ্বসাধাৰণ। কিয়নো ২০২২ চনৰ জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত হ’ব অধিক খৰচী। নিৰ্ধাৰিত পৰিমাণতকৈ যদি অধিক ধন উলিয়াই তেন্তে ভৰিব লগা হ’ব পাৰে চাৰ্জ। এটিএমৰ নিৰ্ধাৰিত সীমাতকৈ অধিক বাৰ ধন উলিওৱালে চাৰ্জ লগাব পাৰে বেংকে। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে এক্সিছ বেংক বা আন বেংকৰ এটিএমত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব ২১ টকা আৰু জিএছটি। ১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।

বিনামূলীয়া লেনদেন মাহিলী সীমাতকৈ যদি অধিক হয় তেন্তে প্ৰতিবাৰ লেনদেনত ২০ টকাৰ সলনি ২১ টকা দিব লাগিব অহা মাহৰ পৰা। অৰ্থাত্ গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। যদিহে তাতোকৈ অধিকবাৰ লেনদেন কৰে তেন্তে ভৰিব লাগিব চাৰ্জ।

নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আপুনি। মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানৰ কেন্দ্ৰত পাঁচবাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...