পাকিস্তানী F-16 বিমান ধ্বংস কৰাৰ স্বীকৃতি অভিনন্দন বৰ্ধমানলৈ

ভাৰতীয় বায়ু সেনা বিষয়া তথা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি বীৰ চক্ৰ প্ৰদান কৰে। অভিনন্দন বৰ্ধমানক শেহতীয়াকৈ গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছিল। বালাকোট বিমান আক্ৰমণৰ এদিন পিছত ২৭ ফেব্ৰুৱাৰীত আকাশী যুঁজৰ সময়ত অভিনন্দন বৰ্ধমানে এখন পাকিস্তানী F-16 যুঁজাৰু বিমানত আক্ৰমণ চলাইছিল।

এই প্ৰক্ৰিয়াত, তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰেৰে উৰা মাৰিছিল আৰু তেওঁৰ MiG-21 ভূপতিত হৈছিল। তাৰ পিছত তেওঁক পাকিস্তান সেনাই জিম্মাত লৈছিল। বিষয়টোত আন্তৰ্জাতিক হস্তক্ষেপৰ লগতে ভাৰতৰ পক্ষই প্ৰয়োগ কৰা ব্যাপক চাপৰ বাবে পাকিস্তান সেনাই তেওঁক মুক্তি দিবলৈ বাধ্য হৈছিল।

অভিনন্দন বৰ্ধমান শ্ৰীনগৰস্থিত 51 স্কোয়াড্ৰনৰ অংশ আছিল আৰু ২০১৯ৰ ২৭ ফেব্ৰুৱাৰীত পাকিস্তানে আৰম্ভ কৰা আকাশী আক্ৰমণ প্ৰতিহত কৰিবলৈ উৰা মাৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...