সংসদত কৃষি আইন বাতিল হোৱাৰ পিছতহে কৃষক সকল ঘৰলৈ উভতি যাব : ৰাকেশ টিকাইট

তিনি কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাক আৰম্ভণি বুলি অভিহিত কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে কয় যে, সংসদত আইন তিনিখন বাতিল হোৱাৰ পিছতহে প্ৰতিবাদকাৰী কৃষকসকল তেওঁলোকৰ ঘৰলৈ উভতি যাব।

টিকাইটে কয় যে, একাধিক বিষয় অমীমাংসিত হৈ আছে, যাৰ ভিতৰত আছে নিম্নতম সমৰ্থন মূল্য বৈধ কৰণ, যাক প্ৰধানমন্ত্ৰীয়ে সমাধান কৰা নাই। কৃষকসকলে এনে ঘোষণাক সংসদৰ দ্বাৰা যথাযথভাৱে গৃহীত নোহোৱালৈকে বিশ্বাস নকৰে।

তেওঁ কৈছিল যে, ৬০০ৰো অধিক কৃষকে আন্দোলনটো শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে ত্যাগ কৰিছে আৰু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আমি তেওঁলোকৰ ত্যাগক সন্মান জনাব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...