WWE ছুপাৰষ্টাৰ জন চিনাই শ্বেয়াৰ কৰিলে ধোনীৰ ফটো

ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট (WWE), আৰু হলিউডৰ ছুপাৰষ্টাৰ জন চিনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ফটো শ্বেয়াৰ কৰিছে। ছবিখনত, ধোনীক চিৰিৰে খোজ কাঢ়ি যোৱা আৰু কৰমৰ্দন কৰাৰ বাবে হাত আগবঢ়োৱা দেখা গৈছে।

চিনাই শ্বেয়াৰ কৰা ফটোখন ICC টি-২০ বিশ্বকাপত ধোনী ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে ভাৰতীয় দলৰ সৈতে জড়িত থকাৰ সময়ৰ। উল্লেখযোগ্য যে, চিনাই প্ৰায়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ দৰে বিখ্যাত ভাৰতীয় ব্যক্তিত্বৰ ফটো শ্বেয়াৰ কৰি আহিছে, যাৰ তালিকাত ধোনীৰ নামো শেহতীয়াকৈ অন্তৰ্ভূক্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...