শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী তথা অভিনেত্ৰীগৰাকীৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ। তেওঁলোকৰ উত্থাপিত হৈছে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ। মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এক এজাহাৰ।

দম্পতীটোৰ উপৰিও ফেশ্বন টিভিৰ পৰিচালনা সঞ্চালক কাশিফ খানকে ধৰি কেইবাজনৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ গোচৰ ৰুজু। পুনেৰ নীতিন বৰা নামৰ এজন যুৱকে ৰুজু কৰিছে কৰিছে এই গোচৰ।

২০১৪ চনৰ জুলাইৰে ঘটনা এয়া। যুৱকৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০, ৫.৬ আৰু অন্যান্যৰ অধীনত ৰুজু কৰিছে গোচৰ। অভিযোগকাৰী যুৱকৰ মতে কাশিফ খান, শিল্পা চেট্টী, ৰাজ কুন্দ্ৰা আৰু এছএফএল ফিটনেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক আনসকলে ফিটনেছ চেণ্টাৰত ধন বিনিয়োগ কৰিবলৈ কৈছিল আৰু লাভৰ প্ৰতিশ্ৰুতি দিছিল। পিছে যুৱকজনে নাপালে লাভালাভ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট...