ব্যতিক্ৰমী শিশু দিৱস; ১৪ বছৰৰ তলৰ শিশুৰ বিনামূলীয়াকৈ দাঁতৰ চিকিৎসা

আজি শিশু সকলৰ বাবে এটা বিশেষ দিন। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে দেশজুৰি উলহ মালহেৰে পালন কৰা হয় শিশু দিৱস। কৰ’বাত যদি কেক কাটি কৰ’বাত শিশু সকলৰ মাজত নৃত্য-গীত- আলাপেৰে উদযাপন কৰিছে শিশু সকলৰ এই বিশেষ দিনটো।

কিন্তু তিতাবৰ ষ্টেচন তিনিআলিস্থিত বিয়নড স্মাইলচ ডেণ্টেল কেয়াৰৰ দন্ত চিকিৎসক ভাৰ্গৱ ভাগৱতীয়ে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিছে শিশু দিৱস। ১৪ বছৰৰ তলৰ শিশু সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ দাঁতৰ চিকিৎসা সেৱা প্ৰদান কৰি যোগান ধৰিলে বিনামূলীয়া ঔষধ। আৰু ইয়াৰ লগতে শিশু সকলৰ দাঁতৰ যত্ন লোৱাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিলে অভিভাৱক সকলৰ মাজত। ইফালে, ইয়াৰ উপৰিও বিগত দুটা বছৰ ধৰি চিকিৎসক ভাৰ্গৱ ভাগৱতীয়ে প্ৰতি মঙলবাৰে ১৪ বছৰৰ তলৰ শিশু সকলৰ দাঁতৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি আহিছে।

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...