আজি ৰাণা দগ্গুবাটীৰ জন্মদিন। ‘বাহুবলী’ ৰ ভল্লাল দেৱৰ ৩৭সংখ্যক জন্মদিনত জানো আহক নজনা ৮টা কথা।

আজি ৰাণা দগ্গুবাটীৰ জন্মদিন। ‘বাহুবলী’ চিনেমাত ভল্লাল দেৱৰ স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল ৰাণাই। ৰাণা দগ্গুবাটিৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত। ৰাণা দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী চুপাৰষ্টাৰ। ৰাণা এগৰাকী ভাল ফটোগ্ৰাফাৰ আৰু লগতে এগৰাকী জনপ্ৰিয় অভিনেতা। দেউতাক ডি সুৰেশ বাবু তেলেগু চিনেমাৰ চলচ্চিত্ৰৰ পৰিচালক।

ৰাণাই সোঁ চকুৰে দেখা নাপায়। সৰুতে কোনো লোকে তেওঁৰ সোঁ চকু দান কৰিছিল যদিও পোহৰ ঘূৰি নাহিল। তেওঁ নিজেই কয়-মই কেৱল মোৰ বাওঁ চকুৰে দেখা পাওঁ। মই মোৰ বাওঁ চকু বন্ধ কৰিলে একো নেদেখিম।

ৰাণাই কনিক ইনষ্টিটিউট অৱ ইমেজিং এণ্ড টেকন’লজীৰ পৰা ফটোগ্ৰাফীৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। পঢ়া শেষ কৰাৰ পিছত, চেন্নাইত কেইবাখনো বিজ্ঞাপন আৰু তথ্যচিত্ৰ পৰিচালনা কৰিছিল। তাৰ পিছত হায়দৰাবাদলৈ ঘূৰি আহে আৰু দেউতাকৰ প্ৰযোজনা গৃহৰ দায়িত্ব লৈছিল। ৰাণাই ২০১০ চনৰ ৰাজনৈতিক থ্ৰিলাৰ চলচ্চিত্ৰ ‘লিডাৰ’ৰ দ্বাৰা নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। 

অভিনেতা কমল হাছান আৰু শ্ৰীদেৱীৰ ডাঙৰ অনুৰাগী ৰাণা। অভিনেতাজনে ‘বাহুবলী’ত নিজৰ চৰিত্ৰৰ বাবে কমল হাছানৰ ‘নায়কন’ৰ পৰা অনুপ্ৰেৰণা লৈছিল। নিজৰ সমাজ সেৱাৰ বাবেও জনাজাত ৰাণা।

বাহুবলী ছবিখনৰ বাবেনিজৰ ওজন ১০০ কিলোগ্ৰামলৈকে বঢ়াইছিল। ইয়াৰ বাবে জীমত কেইবা ঘণ্টা অতিবাহিত কৰিছিল। ইয়াৰ বাবে ৰাণাই দিনে ৪০ টা কণী খাব লগা হৈছিল। তদুপৰি, প্ৰতি দুই ঘণ্টাত কিবা-কিবি খাব লগা হৈছিল। ৰাণাই নিজৰ শাৰীৰিক গঠনৰ বাবে এজন বিশেষ প্ৰশিক্ষকো নিয়োগ কৰিছিল।

ৰাণাই এখন চলচ্চিত্ৰৰ বাবে ৬ ৰ পৰা ৮ কোটি টকাৰ ভিতৰত মাচুল লয়। বাহুবলী ২ চলচ্চিত্ৰখনৰ বাবে ১৫ কোটি টকা লাভ কৰিছিল অভিনেতাজনে।

হায়দৰাবাদৰ অভিজাত চলচ্চিত্ৰ নগৰীত বাস কৰে ৰাণাই। মহেশ বাবু, চিৰঞ্জীৱী, নাগাৰ্জুন, নাগা চৈতন্যৰ দৰে তাৰকা ৰাণাৰ চুবুৰীয়া। বগা বিলাসী বাংলোটোত এটা ডাঙৰ হল আছে। দুভাগ কৰা হলটোৰ এটা অংশত আৰামদায়ক চোফা আৰু আনটো অংশত বাৰ আছে। নিজৰ অট্টালিকাতে কাৰ্যালয় আছে। নিজৰ কাৰ্যালয়টো জোকাৰ আৰু গডফাদাৰৰ দৰে মহাকাব্যিক চলচ্চিত্ৰৰ পোষ্টাৰেৰে সজাইছে।

ৰাণাৰ দামী গাড়ী আৰু ঘড়ীৰ অত্যন্ত চখ আছে। নিজৰ গাড়ীৰ তালিকাত আছে মাৰ্চিডিজ-বেঞ্জ জিএল 350, বিএমডব্লিউ 7 চিৰিজ, জাগুয়াৰ এক্সএফ, হোণ্ডা একৰ্ড আৰু হোণ্ডা চিআৰভিৰ দৰে কাৰ।

বাহুবলীৰ পিছতে সকলোৰে পৰিচিত নাম হৈ পৰে ৰাণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...