অসমৰ ১ কেজি চাহৰ দাম ১ লাখ টকা!

0 122

অবিশ্বাস্য! অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য কিমান? আচৰিত নহ’ব এক কিলোগ্ৰাম চাহৰ মূল্য হ’ল ৯৯,৯৯৯ টকা। চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী গল্ড টিৰ মূল্যই গঢ়িলে অভিলেখ। ১ কিলোগ্ৰাম চাহ পাতৰ দাম ১ লাখলৈ‌ এটকা কম। এইবছৰ এইবিধ চাহৰ উৎপাদন আছিল ১ কিলোগ্ৰামেই। চাহ নগৰী ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই পুনৰ গঢ়িলে অভিলেখ। বিশ্ব বজাৰত এক কেজি চাহৰ মূল্য ৯৯ হাজাৰ ৯শ ৯৯ টকাত নিলাম। চতুৰ্থবাৰলৈ নিজৰ অভিলেখ ভংগ কৰি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। ইয়াৰ পূৰ্বেও এই চাহ বাগিচাখনৰ চাহ অভিলেখ দৰত বিক্ৰী হৈছিল। আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাৰ ১ কিলোগ্ৰাম গ’ল্ড টি।

Leave A Reply

Your email address will not be published.