অসমৰ ১ কেজি চাহৰ দাম ১ লাখ টকা!

অবিশ্বাস্য! অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য কিমান? আচৰিত নহ’ব এক কিলোগ্ৰাম চাহৰ মূল্য হ’ল ৯৯,৯৯৯ টকা। চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মনোহাৰী গল্ড টিৰ মূল্যই গঢ়িলে অভিলেখ। ১ কিলোগ্ৰাম চাহ পাতৰ দাম ১ লাখলৈ‌ এটকা কম। এইবছৰ এইবিধ চাহৰ উৎপাদন আছিল ১ কিলোগ্ৰামেই। চাহ নগৰী ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই পুনৰ গঢ়িলে অভিলেখ। বিশ্ব বজাৰত এক কেজি চাহৰ মূল্য ৯৯ হাজাৰ ৯শ ৯৯ টকাত নিলাম। চতুৰ্থবাৰলৈ নিজৰ অভিলেখ ভংগ কৰি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। ইয়াৰ পূৰ্বেও এই চাহ বাগিচাখনৰ চাহ অভিলেখ দৰত বিক্ৰী হৈছিল। আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাৰ ১ কিলোগ্ৰাম গ’ল্ড টি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...