গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৭জন নিৰীক্ষকক নিয়োগ

গুৱাহাটী পৌৰনিগম নিৰ্বাচন সফলভাৱে সম্পন্ন কৰাৰ বাবে ৱাৰ্ড অনুযায়ী ৬জনক নিৰীক্ষক আৰু এজন বিশেষ নিৰীক্ষকক নিয়োগ কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। ভাৰতীয় বন সেৱা (অৱসৰপ্ৰাপ্ত) বিষয়া, লক্ষ্ণৌৰ আৰ এম ডুবেক বিশেষ নিৰ্বাচনী নিৰীক্ষক হিচাপে নিয়োগ কৰিছে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে।

৩১ মাৰ্চত অসম পাবহি আৰ এম ডুবে। আনহাতে, ৱাৰ্ড অনুযায়ী নিয়োগ কৰা নিৰ্বাচনী নিৰীক্ষক সকল হৈছে- ক্ৰমে ৱাৰ্ড নং ১ৰ পৰা ১০লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, ৱাৰ্ড নং ক্ৰমে ১১ৰ পৰা ২০লৈ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ যুটীয়া সচিব ভাস্কৰ জ্যোতি মান্তা, ৱাৰ্ড নং ক্ৰমে ২১ৰ পৰা ৩০লৈ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্মা, ৱাৰ্ড নম্বৰ ক্ৰমে ৩১ৰ পৰা ৪০লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব আৰু জলজীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক মৃদুল কুমাৰ দাস, ৱাৰ্ড নম্বৰ ক্ৰমে ৪১ৰ পৰা ৫০লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সচিব অনন্ত কুমাৰ গগৈ, ৱাৰ্ড নম্বৰ ক্ৰমে ৫১ৰ পৰা ৬০লৈ পৰিবহণ বিভাগৰ উপ-সচিব আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সচিব গুণজিৎ ৰায় চৌধুৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...