বৃহৎ ভূমিকম্পই জোকাৰি গ’ল দ্বীপ ৰাষ্ট্ৰ টাইৱান

মুহূৰ্ততে নামি আহিল বিভীষিকা। কেইছেকেণ্ডমানৰ ভিতৰতেই তচনচ হৈ গল সকলো। বৃহৎ ভূমিকম্পই জোকাৰি গ’ল দ্বীপ ৰাষ্ট্ৰ টাইৱান। ৩৬,১৯৭ বৰ্গ কিলোমিটাৰৰ দ্বীপ ৰাষ্ট্ৰখনৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হল ভূইকঁপত। এতিয়ালৈকে ১০গৰাকী লোকৰ মৃত্যুৰ বাতৰি আহিছে, আহত হৈছে সহস্ৰাধিক লোক। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৪। বিগত ২৫ বছৰৰ পিছত ভূমিকম্পই কঁপাই গ’ল দ্বীপৰাষ্ট্ৰ টাইৱান। ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই পুৱা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিলে টাইৱানবাসীৰ মাজত। টাইৱানৰ লগতে দাতিকাষৰীয়া কেইবাটাও দ্বীপসহ দক্ষিণে থকা ফিলিপাইনছ আৰু উত্তৰে থকা জাপানতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। পুৱা টাইৱানৰ সময় অনুসৰি ৭.৫৮ বজাত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি সৃষ্টি কৰে টাইৱানত। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হোৱালিয়েন প্ৰদেশ। শতাধিক লোক এতিয়া আৱদ্ধ হৈ আছে ভিন্ন প্ৰান্তত। ভূমিকম্পৰ ফলত টাইৱানত হালি যায় কেইবাটাও বহুমহলীয়া দালান। টাইৱানত এতিয়াও অব্যাহত বৃহৎ উদ্ধাৰ অভিযান। ৰাজধানী টাইপেইৰ লগতে হোৱালিয়েন প্ৰদেশ হৈছে অধিক ক্ষতিগ্ৰস্ত। পুৱা ৭ বাজি ৫৮মিনিটত অনুভূত হোৱা এই ভূমিকম্পই টাইৱানৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে। ভূমিকম্পৰ ফলত দেশখনৰ ভালেসংখ্যক দালান কাষত বাগৰি পৰে। ভূমিকম্পটোৰ ফলত সৃষ্টি হোৱা ছুনামীয়ে ইতিমধ্যে বুৰাই পেলাইছে জাপানৰ য়ুনাগুনি দ্বীপ। ভূমিকম্পৰ ফলত ৩ মিটাৰ পৰ্যন্ত ওখ ঢৌ সৃষ্টি হৈ প্ৰলয়ৰ সৃষ্টি কৰে দ্বীপটোত। অৱশ্যে পৰৱৰ্তী সময়ত জাপানে ছুনামীৰ সতৰ্কীকৰণ প্ৰত্যাহাৰ কৰাত দ্বীপ ৰাষ্ট্ৰখনত স্বস্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই ভূমিকম্পই সৃষ্টি কৰিছে কেইবাটাও পাৰ্শ্বভূমিকম্পৰো। পৰৱৰ্তী সময়ত কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে টাইৱান। সম্প্ৰতি দেশখনৰ প্ৰশাসনে ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ভূমিকম্পত আহত বা আবদ্ধসকলক উদ্ধাৰ কৰাৰ বাবে। ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ ২১ছেপ্টেম্বৰৰ দিনা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল টাইৱান।সেই ভূমিকম্পত প্ৰায় ২৪০০লোকৰ মৃত্যু হৈছিল আৰু ১০,০০০ লোক আহত হৈছিল। অৱশ্যে ভূমিকম্পৰ বাবে সাজু থকা বাবে টাইৱানত এইবাৰ ভূমিকম্পই বিশেষ সংহাৰ সৃষ্টি কৰিব নোৱাৰিলে যদিও আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...