২০২২ত 5G আৰম্ভ হ’ব ভাৰতত, প্ৰস্তাৱিত ১৩খন চহৰৰ তালিকাত নাই অসমৰ কোনো চহৰৰ নাম

4Gৰ পিছত এইবাৰ দেশত আৰম্ভ হ’ব 5G সেৱা। নতুন বছৰত দেশৰ ১৩খন চহৰত প্ৰাৰম্ভিৱক অৱস্থাত এই সেৱা আৰম্ভ কৰা হ’ব। প্ৰথমে আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লীত আৰম্ভ হ’ব এই সেৱা। ইয়াৰ লগতে লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেতো শুভাৰম্ভ হ’ব 5G। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে সদৰি কৰা অনুসৰি অহা বছৰৰ মাজভাগৰ পৰা 5G সেৱা উপলব্ধ হ’ব। চৰকাৰে মাৰ্চ-এপ্ৰিলত 5G স্পেকট্ৰাম নিলাম কৰিব। ইয়াৰ লগে লগে দেশৰ দূৰসংযোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিব।


অৱশ্যে চৰকাৰে নিশ্চিত কৰা নাই যে কোনটো টেলিকম অপাৰেটৰে বাণিজ্যিকভাৱে 5G সেৱা আৰম্ভ কৰিব। ইতিমধ্যে জিঅ’, এয়াৰটেল আৰু ভোডাফোন-আইডিয়াৰ দৰে তিনিওটা আগশাৰীৰ টেলিকম অপাৰেটৰে এই চহৰসমূহত পৰীক্ষণ ছাইট স্থাপন কৰিছে।


দূৰসংযোগ বিভাগে ২০১৮ চনত ৮টা সংস্থাৰ সৈতে থলুৱা প্ৰযুক্তি বিকাশৰ বাবে বিশেষ চুক্তিত স্বাক্ষৰ কৰিছিল। তাৰ ভিত্তিতে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছিল। এই সংস্থাবোৰৰ অন্যতম আছিল ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মুম্বাই, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লী, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হায়দৰাবাদ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু, চ’চাইটি ফৰ এপ্লাইড মাইক্ৰ’ৱেভ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্ছ আৰু চেণ্টাৰ অৱ এক্সেলেন্স ইন ৱায়াৰলেচ টেকন’লজী।


প্ৰথমতে দেশৰ আগশাৰীৰ চহৰসমূহত এই সেৱা আৰম্ভ হ’ব আৰু পৰ্যায়ক্ৰমে দেশজুৰি মুকলি কৰা হ’ব 5G সেৱা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...