স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অৰুণাচলে লাভ কৰিব প্ৰথমটো বিমান বন্দৰ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে লাভ কৰিব প্ৰথমটো পূৰ্ণাংগ বিমান বন্দৰ। অহা বছৰৰ আগষ্ট মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য বিমান বন্দৰটোৰ। ছেপ্টেম্বৰ মাহৰ পৰা নিয়মীয়া বিমান চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা। হোলোংগী বিমান বন্দৰৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। এই বিমানবন্দৰটো পাহাৰীয়া ৰাজ্যখনত প্ৰথম পূৰ্ণাংগ বিমান বন্দৰ হ’ব য’ত ২,৩০০ মিটাৰ ৰানৱে আৰু বয়িং 747ৰ দৰে বিমানৰ উৰণৰ সুবিধা থাকিব। ৩২০ হেক্টৰ এলেকাত বিস্তাৰিত গ্ৰীণফিল্ড বিমানবন্দৰটো সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথম পৰ্যায়ত এয়াৰবাছ এ 321ৰ দৰে জেট বিমান অৱতৰণ কৰিবলৈ সক্ষম হ’ব।


অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে হোলোংগীৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ স্থান পৰিদৰ্শন কৰে। খাণ্ডুৱে বিমানবন্দৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰী খাণ্ডুৱে সদৰি কৰে যে ৰানৱেৰ মুঠ ২,৩০০ মিটাৰ দৈৰ্ঘ্যৰ ভিতৰত ১,৫০০ মিটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ইটানগৰ শীঘ্ৰেই দেশৰ বিমান মানচিত্ৰত থাকিব। এইটো অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ এটা সপোনৰ প্ৰকল্প। নিৰ্মাণ সংস্থাসমূহৰ বিষয়াসকলক সাক্ষাতৰ পিছত শেহতীয়া কাম-কাজৰ বুজ ল’লো। কাম পূৰ্ণ গতিত চলি আছে। শীঘ্ৰে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পথত, এইদৰে কয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...